শিৱসাগৰ : শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা কিশোৰী গৰাকী এজন লোকৰ ঘৰত বনকৰা হিচাপে আছিল। কিশোৰী গৰাকী আন্তঃসত্বা আছিল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।
শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এজন লোকৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে। কিশোৰী গৰাকী বিগত দুবছৰ ধৰি জয়সাগৰৰ লোকনাথ গগৈ নামৰ এজন লোকৰ ঘৰত বনকৰা হিচাপে আছিল।
লগতে পঢ়ক – দেশৰ কুখ্যাত এটিএম চোৰৰ দল ৰঙিয়া আৰক্ষীৰ জালত
১৬ বছৰীয়া কিশোৰী গৰাকী আন্তঃসত্বা আছিল বুলি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। ঘটনা সন্দৰ্ভত নেমুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীৰ তদন্ত পিছতে কিশোৰী গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।