নিউজ ডেস্ক: অসমৰ ভকতগাঁও গাঁও পঞ্চায়তে ভাৰতৰ প্ৰায় ২.৬৪ লাখ গাঁও পঞ্চায়তৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁও গাঁও পঞ্চায়তে Socially Secured Panchayat শ্ৰেণীত ভাৰতৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সমগ্ৰ ভাৰতৰ প্ৰায় ২.৬৪ লাখ খন গাঁও পঞ্চায়তক অতিক্ৰম কৰি অসমৰ ভকতগাঁও গাঁও পঞ্চায়তে তৃতীয় স্থান লাভ কৰাটো নিশ্চিত ৰূপত সমগ্ৰ অসমবাসীৰ বাবে আনন্দৰ বতৰা ৷
নতুন দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে সম্বোধন কৰা “National Conference on Incentivisation of Panchayats-cum-Award Ceremony” অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৷
এই সফলতাৰ পিছত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কেন্দ্ৰীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শন তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতিকে প্ৰমুখ্য কৰি নিৰ্বাচিত প্ৰতিনিধি সকলৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ বলত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি লিখে।

লগতে, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু আটাইলৈকে মন্ত্ৰী ৰণজিত কুমাৰ দাসে আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে পঢ়ক – ভাৰতত কোভিড ৰোগীৰ সংখ্যা ৬১,২৩৩ জন লৈ বৃদ্ধি