নিউজ ডেস্ক – উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। নিজ পত্নীয়ে হত্যা কৰে স্বামীক।কানপুৰৰ চুৰাউলি গাঁৱৰ বাসিন্দা মনিকাই উমেশ যাদৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
জানিব পৰা মতে, উমেশ যাদৱ সুৰাৰ আসক্ত ব্যক্তি আছিল। আৰু এই বিষয়ক লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। বুধবাৰে নিশা কোনো কথাক লৈ দুয়োৰে মাজত মতবিৰোধ হৈছিল।ফলত মনিকাই খংত শুই থকাৰ সময়ত তেওঁ স্বামী উমেশক ডিঙি নিৰ্মমভাৱে চেপি হত্যা কৰিছিল। আনহাতে ঘটনাটো লুকুৱাবলৈ তেওঁ স্বামীৰ মৃতদেহটো ঘৰৰ ভিতৰতে পুতি দিয়ে।
পিছৰ দিনা ৰাতিপুৱা যেতিয়া পৰিয়ালৰ লোকে উমেশক দেখা নাপাই তেওলোকে মনিকাক সুধা-পুছা কৰে। যদিও তেওৰপৰা একো উত্তৰ নোপোৱাত পৰিয়ালৰ লোকৰ মনিকাৰ প্ৰতি সন্দেহ উপজে।তাৰ পাছতে সকলোৱে লোকে মিলি আৰক্ষীক খবৰ দিয়ে।
লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মনিকাক সোধা-পোছা কৰে।আৰক্ষীৰ জেৰাত মনিকাই স্বামী উমেশক হত্যা কৰাৰ কথা উল্লেখ কৰে । তাৰ পিছত কোঠাৰ ভিতৰত পুতি থোৱা উমেশৰ মৃতদেহটো উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে মনিকাক তেওঁৰ স্বামীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।