বঙাইগাঁও : প্ৰতিদিনে পৰিৱেশ দিৱস পালন কৰে অসমৰ এখন গাঁৱৰ ৰাইজে। প্ৰতিদিনে গছ পুলি ৰোপন কৰি পৰিৱেশ দিৱস পালন কৰে গাঁওখনৰ ৰাইজে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উজান ৰাভাপাৰা গাঁৱৰ প্ৰতিজন লোকে প্ৰতিদিনে পৰিৱেশ দিৱস পালন কৰি গছ পুলি ৰোপণ কৰে। বছৰৰ প্ৰতিদিনে উজান ৰাভাপাৰা গাঁৱৰ লোক সকলে গছ পুলি ৰোপণ কৰে কাৰণ গছ থাকিলেহে এই গাঁওখনৰ লোক সকলৰ জীৱিকা থাকিব।

কৃষি কৰ্মৰ লগত জড়িত এইখন গাঁৱৰ লোকৰ উপাৰ্জনৰ অন্য এটা পথ হৈছে পৰ্যটন। গাঁওখনলৈ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবেই গাঁওখনত নিৰন্তৰভাৱে চলি থাকে গছ পুলি ৰোপণ কাৰ্যসূচী। কিন্তু গছ পুলি ৰোপণ কৰি পৰ্যটকক আকৰ্ষণ কৰি গাঁওখন পৰ্যটনৰ ৰম্যভূমি হিচাপে গঢ় দিয়াৰ আঁৰত আছে এবিধ বিশেষ প্ৰাণী। পৃথিৱীৰ বুকুৰ পৰা ক্ৰমাৎ বিলুপ্ত হ’বলৈ ধৰা এইবিধ প্ৰাণী এই গাঁওখনৰ লোক সকলৰ লগত সহবাস কৰে। এই বিশেষ প্ৰাণীক চাবলৈ উজান ৰাভাপাৰা গাঁওখনলৈ আহে দেশ-বিদেশৰ পৰ্যটক।

দেশ-বিদেশৰ পৰ্যটক সকলৰ গাঁওখনলৈ আগমন ঘাটত গাঁওখন ক্ৰমাৎ পৰ্যটনস্থলী লৈ ৰূপান্তৰিত হৈ পৰিছে আৰু ইয়াৰ ফলত কৃষিজীৱি গাঁওখনৰ ৰাইজে লাভ কৰিছে উপাৰ্জনৰ অন্য এটা পথ। গাঁওখনত গঢ় লৈ উঠিছে পৰ্যটন উদ্যোগ। গাঁওখনত গঢ় লৈ উঠা পৰ্যটন উদ্যোগখনে কৰ্মসংস্থাপন দিছে গাঁওখনৰ বহু যুৱকৰ লগতে মহিলা সকলক। অভয়াপুৰীৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ঘৰ। ১৭.২৪ বৰ্গ কিঃমিঃ অঞ্চলত বিস্তাৰিত কাকৈজানা সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় আইইউচিএন ৰেড ডাটা বুকৰ প্ৰথম অনুসূচীত উল্লেখিত ৬০ টাকৈও অধিক সোণালী বান্দৰ আছে।

এই সোণালী বান্দৰ কেইটাই বনাঞ্চলখনৰ গাতে লাগি থকা উজান ৰাভাপাৰা গাঁওখনক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিছে। কাকৈজানা সংৰক্ষিত বনাঞ্চলত সোণালী বান্দৰ সমূহৰ বাবে খাদ্যৰ নাটনি ঘটাত সোণালী বান্দৰ সমূহ উজান ৰাভাপাৰা গাঁওখনলৈ ঢাপলি মেলে খাদ্যৰ সন্ধানত। উজান ৰাভাপাৰা গাঁওখনলৈ সোণালী বান্দৰৰ আগমনে গাঁওখনক পৰ্যটকৰ ৰম্যভূমিলৈ গঢ় দিছে। প্ৰতিদিনে গাঁওখনলৈ সোণালী বান্দৰ চাবলৈ আগমন ঘটে হাজাৰ হাজাৰ পৰ্যটকৰ।

লগতে পঢ়ক –  উত্তৰ পূবত ভয়াবহভাৱে সংকুচিত হৈছে বনাঞ্চল

পৰ্যটকৰ লানি নিছিঙা ভিৰৰ বাবেই গাঁওখনৰ যুৱক সকলে ৰেষ্টুৰেন্ট, ৰিজৰ্টৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্ভি হৈ পৰিছে। যুৱক সকলৰ লগতে গাঁওখনৰ মহিলা সকলে কৃষিকৰ্মৰ লগতে বিভিন্ন দোকান দি জীৱিকাৰ অন্য এটা পথ লাভ কৰিছে। গাঁওখনলৈ অহা পৰ্যটক সকলক বৰ্তমানৰ সুবিধাতকৈ আৰু অধিক সুবিধা।দিবলৈ যাতে গাঁওখনৰ ৰাইজ সক্ষম হয় ইয়াৰ বাবে চৰকাৰক সহায়ৰ বাবে আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply