গুৱাহাটী : লক ডাউনৰ সময়ত অনলাইন ক্লাছৰ বাবে এটা মোবাইল ফোন ক্ৰয় কৰিব পৰা নাছিল। অনলাইন ক্লাছ নকৰাকৈ আৰু টিউশ্যন নোলোৱাকৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল এজন ছাত্ৰ। ৬০০ ৰ ভিতৰত ৫৬৭ নম্বৰ লাভ কৰিলে দক্ষিণগাঁৱৰ নাজিমুল হকে।

গুৱাহাটী মহানগৰীৰ দক্ষিণগাঁৱৰ দিন হাজিৰা কৰা ফজল হকৰ পুত্ৰ নাজিমুল হকে হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৯৪.৫ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। অতিকৈ দুখীয়া পৰিয়ালৰ নাজিমুল হকৰ সাফল্যত দক্ষিণগাঁও অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।

নাজিমুল হকৰ সাফল্যৰ খবৰ পাই অঞ্চলটোৰ বহু লোক ছাত্ৰজনক সম্বৰ্ধনা জনাই ছাত্ৰজনৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিছে। উল্লেখ্য যে দক্ষিণগাঁৱৰ টি এ বি মেমৰিয়েল জাতীয় বিদ্যালয়ৰ ছাত্ৰজনে অৰ্থৰ অভাৱত লক ডাউনৰ সময়ত অনলাইন ক্লাছ কৰিব পৰা নাছিল।

লগতে পঢ়ক –  ওৰাং ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ চোৰাং চিকাৰী আটক

মোবাইল ফোন ক্ৰয় কৰিব নোৱাৰাৰ বাবাই ছাত্ৰজনে অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈছিল। আনকি কোনো ধৰণৰ টিউশ্যন নোহোৱাকৈ ছাত্ৰজনে এই সফলতা লাভ কৰিছে। ভৱিষ্যতে এজন চিকিৎসাক হোৱাৰ আশা মনতলৈ উচ্চ শিক্ষাৰ বাবে চেষ্টা চলাই যাব বুলি জানিবলৈ দিয়ে ছাত্ৰজনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply