নিউজ ডেস্ক: এক হৃদয় বিদাৰক ঘটনা । মঙলবাৰে পুৱা গুৱাহাটীৰ মালিগাঁৱ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। সেনাবাহিনীৰ বাহনৰ খুন্দাত মৃত্যু হৈছে এগৰাকী বিদ্যালয়ৰ ছাত্ৰীৰ। পুৱা বিদ্যালয়লৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত কিশোৰীগৰাকী মালিগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়লৈ যাবলৈ মালিগাঁৱ ৩ নং গেটত পথ পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা।

আনহাতে কিশোৰীগৰাকীৰ নাম লাবন্য ৰাণী বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাস্থলীত উপস্থিত থকা যান-বাহন আৰক্ষী আৰু অঞ্চলটোৰ স্থানীয় ৰাইজে নাবালিকা ছোৱালীজনীক খুন্দা মৰা সেনাৰ গাড়ীখন ৰখাই দিয়ে, লগতে দুৰ্ঘটনা প্ৰত্যক্ষ কৰা লোকসকলে বাহনখনৰ চালকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply