নিউজ ডেস্ক: আজি পুৱা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ কাৰহামা কুঞ্জাৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হয়। এই সংঘৰ্ষৰ সময়ত সুৰক্ষা বাহিনীৰ হাতত এজন সন্ত্ৰাসবাদী নিহত হয়।

বাৰামুলা আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা কাৰহামা কুঞ্জাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে জনোৱা মতে তাৰ পাছতে আজি পুৱা প্ৰায় ১ বাজি ১৫ মিনিটত সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষী সংঘৰ্ষ হৈছিল আৰু দুয়োফালৰ পৰা গুলীবৰ্ষণ কৰা হৈছিল। সংঘৰ্ষৰ সময়ত সেনাৰ এনকাউন্টাৰত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

বৰ্তমান ৰাজৌৰীৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছে। অঞ্চলটোত আন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভাৱনাৰ বাবে নিৰাপত্তা বাহিনয়ে এই অভিযান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply