নিউজ ডেস্ক- নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে, যুৱতীগৰাকীৰ মাতৃক ২লাখ টকা দি এজন যুৱকে চলাইছিল এই নৰবলিৰ চেষ্টা। বিহুবৰৰ মেচুৱা মুণ্ডা নামৰ লোকজনে বলি দিবলৈ চেষ্টা কৰিছিল যুৱতীগৰাকীক।
জানিব পৰা মতে, গুপ্তধনৰ সন্ধানত যুৱতীগৰাকীক বলি দিবলৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাণ হেৰুৱাৰ ভয়ত ইতিমধ্যে বিহুবৰ আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকীয়ে।