গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ উদ্ধাৰ মৃতদেহ। পুনৰ মহানগৰীত উদ্ধাৰ হৈছে অচিনাক্ত লোকৰ মৃতদেহ। নলাৰ পৰা উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।
মহানগৰীৰ চূণচালিৰ ছেক্টৰ ১ ত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে। এটা নলাৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো এজন যুৱকৰ। একাংশ লোকে নলাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
লগতে পঢ়ক – ASTCৰ নিযুক্তি কেলেংকাৰিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মৃতদেহ উদ্ধাৰ হোৱা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।