অভয়াপুৰী : অভয়াপুৰীৰ ডুবাচৰী আৰু মেৰেৰচৰ গাঁৱত আই আৰু মানাহ নৈৰ গৰাখহনীয়াই শংকিত কৰি তুলিছে নৈপৰীয়া ৰাইজক। গৰাখহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হ’ব ধৰিছে একমাত্ৰ গড়কাপ্তানি পথ আৰু মথাউৰী।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্ভূক্ত ডুবাচৰী আৰু মেৰেৰচৰ গাঁৱত আই আৰু মানাহ নৈৰ গৰা খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। আই আৰু মানাহ নৈৰ গৰাখহনীয়াৰ ফলত শংকিত হৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে অঞ্চল দুটাৰ নৈপৰীয়া ৰাইজ।

লগতে পঢ়ক – লুডু খেলাক লৈ সংঘটিত হত্যাকাণ্ডৰ মূল হত্যাকাৰীক আটক

আই আৰু মানাহ নৈৰ গৰাখহনীয়াই অধিক কালৰূপ ধাৰন কৰিলে মাত্ৰ ১০০ মিটাৰ দূৰত্বত থকা বিদ্যালয়, ক্ষুদ্ৰ চিকিৎসালয়কে ধৰি কেইবাটাও প্ৰতিষ্ঠান নৈৰ বুকুত বিলীন হোৱাটো নিশ্চিত। ভয়াবহ গৰাখহনীয়াৰ কবলত পৰা অঞ্চল দুটাৰ ৰাইজৰ খবৰ লবলৈ এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষৰ কোনো লোকে অনা নাই বুলি ৰাইজে অভিযোগ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply