গুৱাহাটী : মহানগৰী গুৱাহাটীত আম আদমি পাৰ্টিৰ উত্তাল প্ৰতিবাদ। মহানগৰীৰ ৰাজপথ কপালে আম আদমি পাৰ্টিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীত মহানগৰীৰ ৰাজপথ কপালে আম আদমি পাৰ্টিৰ শতাধিক সদস্যৰ প্ৰতিবাদ।
বৃহস্পতিবাৰে পুৱাৰ ভাগত অহা বৰষুণ জাকে মহানগৰীৰ বিভিন্ন প্ৰান্ত জলমগ্ন কৰি তোলে। মহানগৰীৰ বহু ঠাইত ৰাজপথ কৃত্ৰিম বানপানীত ডুব যায়। ইয়াৰ মাজতে মহানগৰীৰ ৰাজপথ উত্তাল কৰি তোলে আম আদমি পাৰ্টিয়ে।
ক’ভিডৰ সময়ত পি পি ই কিট ক্ৰয়ত দুৰ্নীতি হোৱাৰ অভিযোগত বৃহস্পতিবাৰে আম আদমি পাৰ্টিয়ে গুৱাহাটীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ বাধাকো নেওচি আম আদমি পাৰ্টিৰ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি গুৱাহাটীৰ ৰাজপথ কঁপাই তোলে।
লগতে পঢ়ক – চাংসাৰিৰ AIIMS –ৰ সপ্তম মহলাৰ পৰা পৰি চিকিৎসকৰ মৃত্যু
বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে আকাশ-বতাহ উত্তাল কৰি তোলে। আম আদমি পাৰ্টিৰ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায়।