গুৱাহাটী : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকলৈ ব্যাপক প্ৰচাৰ অভিযান আম আদমি পাৰ্টীৰ। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ৱাৰ্ডে ৱাৰ্ডে ব্যাপক প্ৰচাৰ অভিযান চলাইছে আম আদমি পাৰ্টীয়ে। ৪৯ নং ৱাৰ্ডত এক ৰোড-শ্বৰ আয়োজন কৰে দলটোৱে।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। এফালে ৰঙালী বিহুৰ উলহ মালহ পৰিৱেশ আৰু আনফালে পৌৰ নিগমৰ নিৰ্বাচনকলৈ মহানগৰী গুৱাহাটীত বলিছে গৰম বতাহ। শাসকীয় বিজেপি দলে গুৱাহাটী পৌৰ নিগম গঠন কৰাৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে।
৬০ ৱাৰ্ডতে শাসকীয় বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰি গুৱাহাটী পৌৰ নিগম গঠন কৰিবলৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি লগতে বিৰোধী কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতা সকলক নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান নামি পৰা পৰিলক্ষিত হৈছে।
এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হোৱা আম আদমি পাৰ্টী। দলটোৱে প্ৰতিটো ৱাৰ্ডত ব্যাপক প্ৰচাৰ অভিযান গঢ়ি তুলিছে। বুধবাৰে ৪৯ নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে আম আদমি পাৰ্টীয়ে এক ৰোড-শ্বাৰ আয়োজন কৰে।
৪৯ নং ৱাৰ্ডৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অৰ্পিতা চক্ৰৱৰ্তীৰ প্ৰচাৰৰ বাবে দলটোৱে ৰোড-শ্বৰ আয়োজন কৰে। সৰুমতৰীয়াৰ পৰা আৰম্ভ হোৱা ৰোড-শ্বত দলটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। ৱাৰ্ডটোৰ মূল সমস্যা সমূহ সমাধানৰ প্ৰতিশ্ৰুতিৰে দলটোৱে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা চলায়।