গুৱাহাটী : বুধবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন। বোধহয় মহানগৰী গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে ৰাজনৈতিক দল সমূহে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ব্যাপক প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয়। ৱাৰ্ডে ৱাৰ্ডে ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে বিশাল বিশাল ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰে।
শাসকীয় বিজেপি আৰু বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদ, কংগ্ৰেছৰ লগতে এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী যুঁজত নামিছে অসম জাতীয় পৰিষদ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ আম আদমি পাৰ্টী। পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত যুঁজ দিয়া আম আদমি পাৰ্টীয়ে প্ৰথমেৰে পৰা ব্যাপক প্ৰচাৰ অভিযান চলাই যোৱা দেখিবলৈ পোৱা গৈছে।
বুধবাৰে প্ৰচাৰ অভিযানৰ অন্তিম দিনাও দলটোৱে এক বিশাল ৰোড শ্ব’ৰ আয়োজন কৰি প্ৰচাৰ চলায়। ভৰলুৰ সোনাৰাম খেলপথাৰৰ পৰা দলটোৱে এই বিশাল ৰোড শ্ব উলিয়াই। এই ৰোড শ্বত দলটোৰ প্ৰাৰ্থী সকলৰ লগতে কেইবা শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰি ব্যাপক প্ৰচাৰ অভিযান চলায়।
লগতে পঢ়ক – গুৱাহাটী পৌৰনিগম নিৰ্বাচন: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দশ
আম আদমি পাৰ্টীৰ প্ৰচাৰ চলাবলৈ বুধবাৰে গুৱাহাটীত উপস্থিত হয় দলটোৰ ৰাষ্ট্রীয় পৰ্যায়ৰ নেত্ৰী আতিশী। আম আদমি পাৰ্টীৰ বিশাল ৰোড শ্ব’ত আতিশীয়ে অংশগ্ৰহণ কৰি দলটোৰ প্ৰাৰ্থী সকলক ভোটদান কৰিবলৈ গুৱাহাটীবাসী ৰাইজক আহ্বান জনায়। ৩৯ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰদান কৰিছে দলটোৱে।