গুৱাহাটী : গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী।চৰকাৰ বিৰোধী শ্ল’গানেৰে আপৰ উত্তাল প্ৰতিবাদ। মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰিলে আপে।
মঙলবাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত আম আদমি পাৰ্টীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। “হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ ১ বছৰ” প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে আম আদমী পাৰ্টীয়ে।
এফালে আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বৰ্ষপুতি উপলক্ষে গুৱাহাটী মহানগৰীত চৰকাৰৰ বিভিন্ন কাৰ্যসূচী আৰু আনফালে আপে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বিফল হোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক – ধুমুহাত বিস্তৰ ক্ষতিসাধন জামুগুৰিহাটৰ বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ
গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ছোৱাতে আম আদমি পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে। আপৰ প্ৰতিবাদকাৰী সকলে চৰকাৰখনক তীব্ৰ সমালোচনাও কৰে।