নিউজ ডেস্ক: শুক্ৰবাৰে আছুৱে ৰাজ্যজুৰি এমাহজোৰা আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। ৰাজ্য চৰকাৰে ভাষা আৰু মাধ্যমৰ পটভূমি এৰাই চলিছে বুলি অভিযোগ কৰি আৰু মাতৃভাষা মাধ্যমক লৈ হেতালি নেখেলিবলৈ সকীয়াই দি শুক্ৰবাৰে সংবাদমেলযোগে ছাত্ৰ সন্থাই এই কথা ঘোষণা কৰে।

আছুৱে মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অহা ২৮ মে’ৰ পৰা মাহজোৰা আন্দোলন ঘোষণা কৰে। চৰকাৰে আন্দোলনৰ পথ লোৱাৰ বিকল্প পথ নাৰাখিলে বুলি উল্লেখ কৰি সংগঠনটোৰ নেতৃবৰ্গই শান্তিপূর্ণ, অহিংস আৰু গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে এই আন্দোলনত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত আঁচোৰ নপৰে বুলিও স্পষ্ট কৰি দিয়ে।

আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ২৮ মে’ত আছুৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কত পৰামৰ্শ বিচাৰি অসমৰ শিক্ষক সংগঠনসমূহৰ সৈতে আলোচনাত মিলিত হ’ব। অহা ৩১ মে’ত আছুৰ প্রতিখন আঞ্চলিক সমিতিয়ে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰিব। ৬ জুনত গুৱাহাটীত গণ সত্যাগ্ৰহ কৰা হ’ব। ৮ জুনৰ পৰা ১৪ জুনলৈ আঞ্চলিকে আঞ্চলিকে জন সজাগতা সৃষ্টিৰ বাবে নিজ নিজ এলেকাত শিক্ষক- শিক্ষয়িত্রী, বিশিষ্ট নাগৰিক, মহিলা, ৰাজহুৱা অনুষ্ঠান, মহিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে যোগাযোগ কৰি প্ৰচাৰ পত্ৰ বিতৰণ কৰি জনমত গঠন কৰিব। অহা ১৫ জুনত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব । ২৪ জুনত প্ৰতিখন মহকুমা ছাত্ৰ সন্থাই নিজ নিজ এলেকাত চাইকেল শোভাযাত্রা কৰিব। ২৭ জুনত অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদৰ পৰামৰ্শ বিচাৰি ‘মাতৃভাষা মাধ্যম : প্রত্যাশা আৰু প্ৰত্যাহ্বান’ শীর্ষক গুৱাহাটীত এখন শৈক্ষিক সভা অনুষ্ঠিত কৰিব ।

এমাহজোৰা কাৰ্যসূচীৰ সময়ছোৱাত বিভিন্ন জনগোষ্ঠীয় সংগঠন, জনগোষ্ঠীয় সাহিত্য সভা আৰু বিভিন্ন জাতীয় সংগঠনৰ সৈতে পৰামৰ্শ বিচাৰি আলোচনা সভা অনুষ্ঠিত হ’ব। এই সময়ছোৱাতে অসম সাহিত্য সভা, এবছু, বড়ো সাহিত্য সভাৰ সৈতে আলোচনা কৰা হ’ব। আনহাতে অহা ৫ জুনত প্রতি বছৰৰ দৰে এইবাৰো আছুৱে ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব। প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত ন্যূনতম ২০ জোপাকৈ গছপুলি ৰোপণ কৰিব। শিক্ষানুষ্ঠানত ফল-মূলৰ গছ ৰোপণত গুৰুত্ব দিব। ১০ জুনত প্রতি বছৰৰ দৰে ৰাজ্যজুৰি ছাত্ৰ সংহতি দিৱস পালন কৰা হ’ব।

১৯৭৪ চনৰ খাদ্য আৰু অর্থনৈতিক আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শ‍ইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই ছাত্র সংহতি দিবস পালন কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ অনুষ্ঠানটো সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু চন্দ্ৰপুৰবাসী ৰাইজৰ অভিভাৱকত্বত চন্দ্ৰপুৰত অনুষ্ঠিত হ’ব।

একেদৰে ২০ জুনত প্ৰতিবছৰৰ দৰে ৰাজ্যজুৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিষ্ণু ৰাভা দিৱস পালন কৰা হ’ব । ছাত্ৰ সন্থাৰ বিভিন্ন গোটে কার্যসূচী গ্ৰহণ কৰিব যদিও সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানটো সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু তেজপুৰবাসী ৰাইজৰ অভিভাৱকত্বত তেজপুৰত অনুষ্ঠিত হ’ব।

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যই আন্দোলন ঘোষণা কৰি কয় যে চৰকাৰে ভাষা আৰু মাধ্যমৰ পটভূমি এৰাই চলিছে। অসমে ৩৭ বছৰ ভাষা হেৰুওৱাৰ কথা পাহৰিলে নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply