নিউজ ডেস্ক: আজি চন্দ্ৰপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় ছাত্র সংহতি দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিছে। পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰিব এই দিৱস। আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰিব।
আনহাতে শহীদ তৰ্পণ কৰিব সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব আছুৰ মুখ্য উপদেষ্টা ডা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই।
উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত সম্পাদক শংকৰজ্যোতি বৰুৱা, শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু ড° সমুজ্জ্বল কমাৰ ভট্টাচাৰ্য উপস্থিত থাকিব।