নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন খেলপথাৰত শুক্ৰবাৰে অৰ্থাৎ পুৱা ৬.৩০ বজাৰ পৰা কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে “যোগ মহোৎসৱ-২০২৩” । উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংগমঞ্চত দুদিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে “আয়ুস প্ৰদৰ্শনী”।

উক্ত প্ৰদৰ্শনী অনুষ্ঠানটো বিশ্ববিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ -ছাত্ৰী, প্ৰবক্তা, আৰু সাধাৰণ জনতাও উপস্থিতিত আয়ুস মন্ত্ৰালয়ৰ সচিব ৱৈদ্য ৰাজেশ কোতেছাই উদ্ধোধন কৰে।
“আয়ুস প্ৰদৰ্শন”ত যোগৰ উপৰিও অন্যান্য বিকল্প চিকিৎসা যেনে হোমিওপেথি, ইউনানী চিকিৎসা, সোৱা ৰিগপা আৰু ভি.আৰ.প্ৰযুক্তিবিদ্যা আৰু বিভিন্ন ধৰণৰ বৈভাষিক ঔষধ আৰু চিকিৎসাৰ তথ্য প্ৰদৰ্শন কৰাহৈছে। এই প্ৰদৰ্শনৰ দ্বাৰা শাৰিৰীক, মানসিক, মনস্তাত্বিক উন্নয়নৰ কাৰণে উপযোগী চিকিৎসাৰ এক প্ৰচেষ্টা কৰা হয়।
লগতে, এই প্ৰদৰ্শনীত পুৰণি পৰম্পৰাগত তিব্বতি চিকিৎসা যেনে সোৱা-ৰিগপা ব্যৱস্থাৰ চিকিৎসা প্ৰদৰ্শন কৰা হৈছে যিটো ভগৱান বুদ্ধৰ পৰা উৎপত্তি হোৱা বিশ্বৰ এক চিকিৎসা পৰম্পৰা আৰু ইয়াত খাদ্য, আচৰণ, চিকিৎসা আৰু বাহ্যিক চিকিৎসাৰ দৰে চিকিৎসা পদ্ধতি জড়িত হৈ আছে।

ইফালে আন এখন প্ৰদৰ্শনীত “নেচনেল ইনষ্টিটিউট অৱ ইউনানি মেডিচিন” যিটো কোভিড-১৯ মহামাৰীৰ সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে খাদ্য আৰু জীৱন নিৰ্বাহৰ ৰীতি নিৰ্দেশাৱলীৰ ওপৰত আধাৰিত। আটাইবোৰ প্ৰদৰ্শনী ভিতৰত গুৰুত্বপূৰ্ণ প্ৰদৰ্শন আছিল যোগ।
প্ৰদৰ্শনীখনৰ ৰোমাঞ্চকৰ আৰু চকু কপালত তুলিব পৰা অংশটো আছিল ভি.আৰ. প্ৰযুক্তি। যিয়ে সহায় কৰিব ছাত্ৰ-ছাত্ৰীসকলক মানৱ শৰীৰৰ জৈৱিক অংশসমূহ অধিক বিশেষভাৱে অধ্যয়ন কৰিবলৈ কাৰণ এই প্ৰযুক্তিয়ে তেওঁলোকক মানৱ শৰীৰৰ বিশেষত্বসমূহ অধিক স্পষ্টভাৱে অধ্যয়ন কৰাত সহায় কৰিব আৰু শৈক্ষিক দিশত জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম কৰিব।

লগতে, ৰংগমঞ্চৰ সিটো পাৰে বিকল্প প্ৰকাৰৰ চিকিৎসাৰ বিষয়ে মানুহক অধিক জ্ঞানী আৰু সচেতন কৰি তুলিবলৈ চিকিৎসা প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে।
লগতে পঢ়ক – ৬০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোগ মহোৎসৱৰ অয়োজন