নিউজ ডেস্ক: ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। স্বীকৃতি বাতিলৰ পথত দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়।

এই তালিকাত অন্তৰ্ভুক্ত হৈছে অসম,  গুজৰাট,  পুডুচেৰী,  অন্ধ্ৰপ্ৰদেশ,  তামিলনাডুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ড পূৰণত ব্যৰ্থতাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহৰ স্বীকৃতি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে প্ৰস্তুত কৰিছে স্বীকৃতি বাতিল হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ তালিকা। এই তালিকাত নাম অন্তৰ্ভুক্ত হৈছে অসম চিকিৎসা মহাবিদ্যালয়, গুৱাগাটী চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম। শেহতীয়া দুটা মাহত দেশৰ প্ৰায় ৪০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply