নগাঁও : নগাঁৱত অঘটন। প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন দুর্ঘটনাগ্ৰস্ত। আহত কেইবাজনো লোক। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিছিল। ডিব্ৰুগড় আৰু ডিফুত দুটাকৈ সভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীৰ ডিফুৰ সভালৈ যোৱা এখন বাহন দুর্ঘটনাগ্ৰস্ত হোৱাত আহত হয় কেইবাজনো লোক। নগাঁও জিলাৰ কঠিয়াতলীত প্ৰধানমন্ত্ৰীৰ সভালৈ যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ দুর্ঘটনাত পতিত হয়।
লগতে পঢ়ক – পুখুৰীত পৰি একেলগে তিনি ভাতৃৰ সলিল সমাধি
এখন ট্ৰাকে ট্ৰেভেলাৰখনত খুন্দা মৰাত কেইবাজনো লোক আহত হয়। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে দুর্ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।