নিউজ ডেস্ক: প্ৰতিদিনেই দেশত পোহৰলৈ আহিছে ইটোৰ পিছত আনটো হত্যা, ধৰ্ষণ আদিৰ ঘটনা। ইয়াৰ মাজতে ধৰ্ষণ কাণ্ডত অভিযুক্ত পান্না লালে আৰক্ষীৰ জেৰাত আত্মহত্যাৰ অপচেষ্টা কৰে। উত্তৰ প্ৰদেশৰ উগহাটী আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, অভিযুক্ত পান্না লালে জেৰাৰ সময়তে বাথৰুমত আত্মহত্যাৰ চেষ্টা চলায়। মঙলবাৰে নিশা যুৱকজনক জেৰা চলাই আছিল আৰক্ষীয়ে। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

যুৱকজনৰ পৰিয়ালে অভিযোগ কৰা মতে, তেওঁক জেৰাৰ সয়ত শ্বাসৰুদ্ধ কৰি ৰখা হৈছিল। পান্না লালৰ পৰিয়ালে লগতে কয় যে  ১০,০০০ টকা আৰক্ষীক ঘোচ নিদিয়াৰ বাবে এনে কাম কৰে আৰক্ষীয়ে।

অৱশ্যে আৰক্ষীয়ে পান্না লালৰ পৰিয়ালৰ অভিযোগ মিছা বুলি কৈছে। বৰ্তমান পান্না লালৰ অৱস্থা সংকটমুক্ত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply