নিউজ ডেস্ক: অসম আৰক্ষীয়ে কেতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পাৰিব ৰাজপত্ৰিত বিষয়া মুকুল কাথাৰক? গুলীচালনাত অভিযুক্ত ACS বিষয়া মুকুল কাথাৰ সম্প্ৰতি এতিয়াও পলাতক হৈ আছে। শেহতীয়া ভাৱে পলাতক মুকুল কাথাৰৰ ক্ষমতা ৰাজ্য চৰকাৰে কৰ্তন কৰিছে। কাৰ্বি আঙলং স্বায়িত্ব শাসিত পৰিষদৰ সচিবৰ দায়িত্ব থকা কাথাৰৰ দায়িত্ব কৰ্তন কৰাৰ লগতে শীঘ্ৰই দিছপুৰৰ পাৰ্ছনেল বিভাগত হাজিৰ হোৱাৰো নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে, স্বায়িত্ব শাসিত পৰিষদত ডেপুটেশ্যনত থকা মুকুল কাথাৰে ২২ এপ্ৰিলত পত্নীক বিচাৰি ডিফুৰ ৰাজপথত পত্নীৰ জ্যেষ্ঠ ভগ্নীক মাৰধৰ কৰে।ইমানতেই ক্ষান্ত নাথাকি ক্ষমতাৰ ৰাগিত বলিয়ান হৈ পৰা মুকুল কাথাৰে শহুৰৰ ঘৰৰ চোতালত এক ৰাউণ্ড গুলী ফুটাই এক সন্ত্রাস সৃষ্টি কৰিছিল। উক্ত ঘটনাটোৰ সন্দৰ্ভত পত্নীৰ ভগ্নী চাংপি ট্ৰেণপীয়ে নিশাই ডিফুৰ থানাত এখন এজাহাৰ দিয়ে। একেদৰে, পত্নী লিঙালি টেৰণপীয়ে ২৩ এপ্ৰিলত ডিফু থানাত একে অভিযোগতেই গোচৰ তৰে। পত্নীয়ে গোচৰ তৰাৰ পিছতেই আৰক্ষীয়ে মুকুল কাথাৰৰ সন্ত্ৰাস সৃষ্টি কৰা ৰিভলভাৰটো জব্দ কৰে আৰু জিলা প্রশাসনে কাথাৰৰ ৰিভলভাৰটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

থানাত গোচৰ তৰাৰ পিছৰেই পৰা আত্মগোপন কৰি আছে বিষয়া গৰাকী। অৱশ্যে বিষয়া গৰাকী পলাতক হৈ আছে যদিও তাৰে মাজতে ডিফু সত্ৰ ন্যায়াধীশত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু সত্ৰ ন্যায়াধীশে কাথাৰৰ জামিন আবেদন নাকচ কৰে। জানিব পৰা অনুসৰি, বৰ্তমান ACS বিষয়া গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়টো জামিনৰ বাবে আবেদন কৰিছে। ২ মে’ত ন্যায়ালয়ে গোচৰটো গ্ৰহণ কৰাৰ কথা আছে। যদি উচ্চ ন্যায়ালয়েও জামিন আবেদন নাকচ কৰে তেনেহ’লে তেওঁ আত্মসমৰ্পণ কৰাৰ বিকল্প নাথাকিব।

বিষয়াগৰাকী বিৰুদ্ধে গোচৰৰ তৰাৰ পিছৰেই পৰা আজি ৯ টা দিন ধৰি পলাতক হৈ আছে। যাৰ বাবে বৰ্তমান প্ৰশ্ন উঠিছে ডিফু আৰক্ষীৰ ভূমিকাক লৈ। ডিফুবাসীৰ অভিযোগ মতে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ সৈতে মুকুল কাথাৰ খুবেই ঘনিষ্ঠ। এনে ঘনিষ্ঠতা থকাৰ বাবেই বিষয়া গৰাকী আত্মগোপন কৰাৰ সুযোগ সুবিধা পাইছে। কেৱল এইয়াই নহয়, মুকুল কাথাৰ গ্ৰেপ্তাৰ হ’লে স্বায়িত্ব শাসিত পৰিষদটোৰ বহুটো অনিয়মৰ তথ্য পোহৰলৈ অহা সম্ভৱনা আছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

শেহতীয়া ভাৱে তুলিৰাম ৰংহাঙক সংবাদ মাধ্যমে মুকুল কাথাৰৰ বিষয়ে সোধাত তেওঁ বিষয়টো পাৰিবাৰিক কণ্ডলৰ আখ্যা দি বিষয়টোৰ পৰা গা এৰাৰ চেষ্টা কৰে। তেওঁ কয় যে, এয়া পতি-পত্নীৰ কাজিয়া। সকলোৰে ঘৰত কাজিয়া হয় ৷ লগতে তেওঁ কয়, কাথাৰ বৰ্তমান ছুটীত আছে আৰু কাথাৰক যিকোনো ৰাজনৈতিক সুৰক্ষা দিয়াৰ কথা তেওঁ অস্বীকাৰ কৰে।  

মন কৰিবলগীয়া যে, ঘটনাটো সংঘটিত হোৱাৰ পিছতেই কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদে গঠন কৰি দিছিল এজনীয়া তদন্ত কমিটি। ইতিমধ্যে তদন্তৰ তথ্য দাখিল কৰাৰ সময়সীমা উকলি হৈছে। আজি ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ভুক্তভোগী পত্নীৰ পৰিয়ালৰ লোকে দেওবাৰে নিশা ভিতৰত মুকুল কাথাৰক গ্ৰেপ্তাৰ নকৰিলে উচ্চ ন্যায়ালয়ৰ দৰাস্থ হোৱাৰো হুংকাৰ দিছিল।

লগতে পঢ়ক – গান নাগালে বাদ্যযন্ত্ৰ ভাঙি দিয়া ভাবুকি দিলে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply