নিউজ ডেস্ক: বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত নতুনকৈ ২৩৬৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,৩১,২৯,৫৬৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা হ্ৰা ১৫,৪১৯ জনলৈ হ্ৰাস পাইছে।
পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্যত জনোৱা মতে বিগত ২৪ ঘণ্টাত ১০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে, এইপৰ্যন্ত দেশত ক’ভিডত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৫,২৪,৩০৩ জন।
আক্ৰান্ত হৈ থকা ৰোগীৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ০.০৪ শতাংশ, আনহাতে দেশত ক’ভিড আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ বুলি মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।
যোৱা ২৪ ঘণ্টাত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২২৮ গৰাকী হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। আনহাতে দৈনিক পজিটিভিটিৰ হাৰ ০.৫০ শতাংশ আৰু সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.৫৫ শতাংশ।
দেশজোৰা ক’ভিড-১৯ প্ৰতিষেধক অভিযানৰ অধীনত দেশত এতিয়ালৈকে ১৯১.৭৯ কোটিতকৈ অধিক প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – ভয়ংকৰ! ফুটপাথত শুই থকা শ্ৰমিকক মহতিয়ালে ট্ৰাকে, থিতাতে নিহত ৩জন