নিউজ ডেস্ক: বিখ্যাত মডেল তথা অভিনেতা আদিত্য সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৱে পুনৰ এবাৰ জোকাৰি গৈছে বলিউদক। সোমবাৰে বিয়লি ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল অভিনেতাজনৰ মৃতদেহ।

টেলিভিছনৰ অতি জনপ্ৰিয় মুখ আদিত্য সিং ৰাজপুত। প্ৰথমতে কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰাৰ পিছত কেইবাখনো হিন্দী ছবিতো তেওঁক দেখা গৈছিল। অভিনয়, মডেলিঙৰ উপৰিও আদিত্যই মুম্বাই ছবি উদ্যোগত কাষ্টিং ক’অৰ্ডিনেটৰ হিচাপেও কাম কৰিছিল।

জানিব পৰা মতে, অত্যাধিক ড্ৰাগছ সেৱনৰ বাবেই অভিনেতাজনৰ মৃত্যু হয়। অৱশ্যে আদিত্যৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও চিকিৎসালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱগত কৰা নাই।

তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ছবি জগতত শোকৰ ছাঁ পৰে। মাত্ৰ ৩২ বছৰ বয়সতে আদিত্যৰ মৃত্যুৱে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ কথাও বহুতকে সোঁৱৰাই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply