নিউজ ডেস্ক- ৮০ দশকত দূৰদৰ্শন চেনেলৰ জৰিয়তে প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক “মহাভাৰত”ত অভিনয় কৰা শকুনিৰ চৰিত্ৰক জীৱন্ত ৰূপ দিছিল অভিনেতা গুফী পেন্টেলে। গুফী পেণ্টেল কলে হয়তু বহুতেই তেওঁক চিনি নাপায়। শকুনি মামা বুলিহে তেওঁ বিশ্ব বিখ্যাত আমাৰ মাজত।

কিন্তু আজি “মহাভাৰত”ত শকুনিৰ চৰিত্ৰত অভিনয় কৰা গুফী পেণ্টেল আৰু আমাৰ মাজত নাই। স্বাস্থ্যৰ অসুস্থতাৰ বাবে অভিনেতা গুফি দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। আজি ৰাতিপুৱা ৭৮ বছৰ বয়সত, গুফি পেণ্টেল মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে আৰু এই পৃথিৱীক চিৰদিনৰ বাবে বিদায় জনায়।

প্ৰাচীন ভাৰতৰ মহাকাব্য “মহাভাৰত”ৰ আধাৰত জনপ্ৰিয় চলচিত্ৰ নিৰ্মাতা বি আৰ চোপ্ৰাই সৰুপৰ্দাৰ বাবে নিৰ্মাণ কৰা ধাৰাবাহিকখনত তেখেতে মনোগ্ৰাহীভাৱে অভিনয় কৰি দৰ্শকৰ মানসপটত যুগমীয়াকৈ সজীৱ কৰি থৈ গ’ল৷ পিছে গুফি এজন অভিনেতা হোৱাৰ আগত তেওঁ ভাৰতীয় সেনা বাহিনীত হে আছিল। কিন্তু তেওঁৰ ভায়েক অমৰজিৎ পেণ্টেল ইতিমধ্যে বলীউডৰ অংশ হিচাপে কাম কৰি আছিল। পিছত তেওঁৰ ভায়েকক দেখি গুফিৰো মন গ’ল অভিনয় জগতত খোজ দিবলৈ। ইয়াৰ পিছতেই মুম্বাইলৈ আহে আৰু এজন বলিষ্ঠ অভিনেতা হিচাপে নিজৰ পৰিচয় দাঙি ধৰে।

গুফি ‘মহাভাৰত’কে ধৰি বহুতো টিভি ধাৰাবাহিকত কাম কৰিছিল। তেওঁ ‘আকবৰ বীৰবল’, ‘চিআইডি’ আৰু ‘ৰাধা কৃষ্ণ’ৰ দৰে বহুতো ধাৰাবাহিকত অভিনয় কৰিছিল। কিন্তু, গুফিয়ে বিআৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ৰ পৰাই নিজৰ প্ৰকৃত স্বীকৃতি লাভ কৰিছিল। তেওঁ ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি এটা যেন ঘৰুৱা নাম হৈ পৰিছিল। আজিও মানুহে তেওঁক শকুনি মামা বুলিয়ে জানে। তেওঁৰ শকুনি চৰিত্ৰটোৱে সকলোৰে বাবে তেওঁৰ বাবে এক পৰিচয় হৈ পৰিছিল।

টিভিৰ বাহিৰেও গুফি পেণ্টেল ‘দাৱা’, ‘সুহাগ’, ‘দেশ পৰদেশ’ আৰু ‘ঘুম’ৰ দৰে ছবিত বলিষ্ঠ অভিনয় কৰি সকলোৰে হৃদয় জয় কৰিছিল। টিভি আৰু চলচ্চিত্ৰত কাম কৰাৰ উপৰিও, গুফি কাষ্টিং ডাইৰেক্টৰ হিচাপেও কাম কৰিছিল। তেওঁৰ অন্তিম কাম আছিল ষ্টাৰ প্লাছত প্ৰচাৰিত হোৱা “জয় কানহাইয়া লাল”। গুফি পেণ্টেলৰ মত্যুয়ে ছবিজগতৰ লগতে সকলো অনুৰাগীক গভীৰভাৱে হতবাক কৰি তুলিছে। যদিও অভিনেতাজন এই পৃথিৱীৰ পৰা গৈছে, কিন্তু তেওঁ অনুৰাগীসকলৰ স্মৃতিত সদায় জীয়াই থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply