নিউজ ডেস্ক : পুনৰ এগৰাকী বলিউডৰ অভিনেতাৰ পুত্ৰ ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। এইবাৰ ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰ।
বেংগালুৰুত এক ৰেভ পাৰ্টিত আৰক্ষীয়ে অভিযান চলাই বলিউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰসহ ৬ জনকৈ লোকক ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে সিদ্ধান্ত কাপুৰে গ্ৰহণ কৰা মাদক দ্ৰব্যৰ পৰীক্ষা কৰাত তাত ড্ৰাগছ থকা বুলি ধৰা পৰে।
লগতে পঢ়ক – মহানগৰীত সুৰামত্ত যুৱক-যুৱতীৰ উদ্ভণ্ডালি
ৰেভ পাৰ্টিত সিদ্ধান্ত কাপুৰসহ ৬ জনকৈ লোকে গ্ৰহণ কৰা মাদক দ্ৰব্যত ড্ৰাগছ থকা বুলি ধৰা পৰাত আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰ ৰেভ পাৰ্টিত ডিজে হিচাপে গৈছিল।