নিউজ ডেস্ক: অসমৰ উদীয়মান অভিনেতা বিজয় শংকৰ শইকীয়াৰ আকস্মিক মৃত্যু। তেওঁৰ মৃত্যুৱে ৰাজ্যৰ সাংস্কৃতিক জগতত বৰ্তমান শোকৰ ছাঁ পেলাইছে । দীৰ্ঘদিনে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকীকৰ নিশা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । মৃত্যু সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৩৯ বছৰ ।

প্ৰয়াত অভিনেতা উদয় শংকৰ শইকীয়াৰ পুত্ৰ আছিল বিজয় শংকৰ শইকীয়া । তেজপুৰৰ নিবাসী অভিনেতাগৰাকীয়ে তেজপুৰৰ বহু অনুষ্ঠানৰ সৈতে জড়িত আছিল । তেওঁ ৰং চেনেলৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল লগতে নাট্য জগতৰ সৈতেও জড়িত হৈ আছিল অভিনেতাগৰাকী ।

মৃত্যুৰ সময়ত শইকীয়াই দুই সন্তানৰ সৈতে এৰি থৈ যায় পত্নীক। মঞ্চ নাটকৰ লগতে বহুকেইখন অসমীয়া ধাৰাবাহিক, বোলছবিত অভিনয় কৰিছিল বিজয় শংকৰ শইকীয়াই। শেহতীয়াকৈ ‘ডাঃ বেজবৰুৱা ২’ বোলছবি খনটো দেখিবলৈ পোৱা গৈছিল অভিনেতাগৰাকীক ।

উল্লেখ্য যেঅভিনেতাগৰাকীক কনকলতা অসামৰিক চিকিৎসালয়ত আজি মৰণোত্তৰ পৰীক্ষা কৰোৱা হ’ব। মৰণোত্তৰ পৰীক্ষা অন্তত বিজয়ৰ মৃতদেহ তেওঁ ঘৰলৈ নিয়া হ’ব। বিয়লি তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

লগতে পঢ়ক:শিক্ষক-শিক্ষাৰ্থীৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিশেষ নিৰ্দেশনাৱলী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply