নিউজ ডেস্ক: ৰাজনৈতিক নেতাৰ সৈতে সম্পৰ্ক নগঢ়ো বা বিবাহপাশত আবদ্ধ নহও কোৱা মন পিছল খালে অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ। ৰাজনীতিবিদৰ সৈতে সম্পৰ্ক নগঢ়ো কোৱা এতিয়া পৰিণীতি চোপ্ৰাৰ ১৩ মে’ত আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাধ্বাৰ সৈতে আছে বাগদান।

প্ৰাপ্ত তথ্য অনুসৰি, এই আঙুঠি পিন্ধোৱা অনুষ্ঠানটো নতুন দিল্লীতেই অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানটোত প্ৰায় আমন্ত্ৰিত লোকৰ সংখ্যা ১৫০ জন। ১৫০ জনীয়া আমন্ত্ৰিত অতিথিৰ ভিতৰত আছে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ লোক।

অৱশ্যেই দুয়োৰে বিবাহ কেতিয়া হ’ব এতিয়া নিশ্চিত হোৱা নাই। শেহতীয়াকৈ দুয়োজনকে বিমানবন্দৰত, মুম্বাইৰ ৰেস্তোৰাঁ, আই পি এলৰ খেলত দেখা পোৱা গৈছিল।

উল্লেখ্য যে, দুয়োগৰাকী সাংবাদিকৰ মুখামুখি হ’লেই তেওঁলোকৰ গোপন প্ৰেমৰ কথা লুকুৱাৰ যত্ন কৰে। শেহতীয়া ভাৱে আপৰ নেতা ৰাঘৱ চাধ্বাক সাংবাদিকে পৰিণীতি চোপ্ৰাৰ বিষয়ে সুধাত তেওঁ কৈছিল, মোক পৰিণীতিৰ বিষয়ে নহয় ৰাজনীতিৰ বিষয়ে হে শুধক।

লগতে পঢ়ক – Fact Checking: গুজৰাটত নিৰুদ্দেশ হোৱা ৪১,৬২১ গৰাকী যুৱতীৰ সবিশেষ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply