নিউজ ডেস্কঃ বৃহত্তৰ মাজুলীৰ জনজাতীয় মহিলাসকলৰ মাজত লুকাই থকা আধ্যামিক শক্তিক জাগ্ৰত কৰাৰ লক্ষ্যৰে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ উদ্যোগত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈ আছে ‘আধ্যাত্মিক যুৱ সন্মিলন ২০২৩’। আজি জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালাৰ আজি চতুর্থ তথা অন্তিম দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

‘নৱ-প্ৰজন্মৰ আত্মানুসন্ধানৰ এক অনন্য যাত্রা’ ৰূপে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ পৰম পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীৰ পৃষ্ঠপোষকতাত ২০১০ চনৰ পৰাই সমগ্র অসমতে ৪৫ বছৰৰ অনুর্ধৰ যুৱক-যুৱতীৰ আধ্যাত্মিক, নৈতিক, শাৰীৰিক উত্তৰণৰ লক্ষ্যৰে আধ্যাত্মিক যুৱ সন্মিলন (আয়ুস)-ৰ মাধ্যমেদি কৰ্মৰাজি সম্পাদন কৰি অহা হৈছে। এই বছৰ আয়ুস-এ মহিলা সবলীকৰণ আঁচনিৰ অধীনত অসমত প্রথমবাৰৰ বাবে দুহাজাৰ জনজাতীয় মহিলাক আবাসিক কর্মাশালা যোগে প্রশিক্ষণ প্রদান কৰিছে।

উক্ত অনুষ্ঠানটো মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, আধ্যাত্মিক যুৱ সন্মিলনে প্ৰতিষ্ঠাকালৰে পৰা যুৱপ্ৰজন্মক আধ্যাত্মিক চিন্তা-চেতনাৰে আত্মানুসন্ধানৰ বাট প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে দেশ, জাতি আৰু সমাজৰ সেৱাত ব্ৰতী হোৱাৰ পথত যুৱপ্ৰজন্মক উৎসাহিত কৰি আহিছে। এই সন্মিলনে জাতি, বৰ্ণ আৰু ধৰ্মে নিৰ্বিশেষে সকলো শ্ৰেণীৰ প্ৰশিক্ষাৰ্থীক আধ্যাত্মিকতা আৰু আত্মনিৰ্ভৰশীলতাৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদানেৰে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াৰ দিশত বিশেষ বৰঙনি আগবঢ়াই আহিছে।

লগতে তেওঁ কয়, নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে সদায়েই প্ৰাথমিকতা প্ৰদান কৰি আহিছে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা নিযুক্তি প্ৰক্ৰিয়াত আমি প্ৰায় ৩০% আসন মহিলা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষণ প্ৰদান কৰা হৈছে। তদুপৰি ৰাজ্যৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলা সদস্যলৈ ১০,০০০ টকাৰ অনুদান প্ৰদান কৰা হ’ব।

আজিৰ এই কৰ্মশালাত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰনোজ পেগু, সাংসদ আৰু বিধায়কসকল, জিলা উপায়ুক্ত, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামী প্ৰভু, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সচিব, আধ্যাত্মিক যুৱ সন্মিলন(আয়ুস)-ৰ কাৰ্যকৰী সভাপতিৰ লগতে ভকত বৈষ্ণৱসকল উপস্থিত থাকে।

লগতে পঢ়ক – ৰাজ্যত শুভাৰম্ভণি কৰা হ’ল নতুন শিক্ষা নীতি,২০২০, জানোঁ আহক কি আছে এই নতুন শিক্ষা নীতিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply