নিউজ ডেস্ক: পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰিবলৈ সক্ষম হ’ল অসমীয়াক গৌৰৱান্বিত কৰা অভিনেতা আদিল হুছেইন ৷ অসম সন্তান বলীউডৰ খ্যাতনামা অভিনেতা আদিল হুছেইনে লণ্ডনত অনুষ্ঠিত ইউকে ইণ্ডিয়ান ফিল্মফেষ্টিভেলত ‘ফুটপ্ৰিন্টছ্ অন ৱাটাৰ’ ছবিখনত কৰা অনবদ্য অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ সম্মান লাভ কৰিছে।

যোৱা ১৩ মে’ত ‘ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত প্ৰিমিয়াৰ হৈছিল আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ ৷ এই ছবিত গুৰুত্বপূর্ণ ভূমিকাত অভিনয় কৰিছে অসমৰ আদিল হুছেইনে।

“ফুটপ্ৰিণ্টছ অন ৱাটাৰ” ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে। ব্রিটেইনত হৈ থকা অনুপ্ৰৱেশ আৰু প্ৰব্ৰজনকাৰীসকল সেই দেশত উপস্থিত হৈ সন্মুখীন হোৱা যন্ত্রণাক সমল হিচাপে লৈ ছবিখন নির্মিত হৈছে । তেনে এজন অনুপ্রৱেশকাৰী পিতৃয়ে হেৰাই যোৱা কন্যাৰ সন্ধান কৰাৰ কাহিনী আছে ছবিখনত।

উল্লেখযোগ্য যে এই ছবিখনে অলপতে নিউয়ৰ্কৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্রথম ছবি শিতানত শ্রেষ্ঠ বিবেচিত হৈ পুৰস্কাৰ লাভ কৰিছিল। সেই ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ আৰু নিমিষা ছাজায়ানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply