নিউজ ডেস্ক: ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ পদৰ ফলাফল আজি ঘোষণা কৰা হ’ব।

দিনৰ ১১ বজাত তৃতীয় বৰ্গৰ মুঠ ১১,৫১০ পদৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই এই ফলাফলৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে সাদৰী কৰিছিল।

ইফালে, কালিলৈ অৰ্থাৎ ৪ মে’ত ঘোষণা কৰা হ’ব চতুৰ্থ বৰ্গৰ পদৰ ফলাফল।

মন কৰিবলগীয়া যে, উত্তীৰ্ণ প্ৰাৰ্থী সকলে কোনটো বিভাগত নিযুক্তি লাভ কৰিব সেইয়া ৯ মে’ত হে গম পাব। এইয়াৰ বাবে লটাৰীৰ জৰিয়তে বিভাগসমূহ চূড়ান্ত কৰা হ’ব।

উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গ সামৰি মুঠ ২৬ হেজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্রার্থীসকলক অহা ১১ মে’ত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

লগতে পঢ়ক – নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সভাপতিৰ পদত্যাগ শাৰদ পাৱাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply