নিউজ ডেস্ক – কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতত ৰাজ্যৰ ৫০ হাজাৰ যুৱক-যুৱতীক অহা ১১ মে’ত চৰকাৰী চাকৰিৰ নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব। কালি এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰা মতে, ৰাজ্য চৰকাৰখনে ঘোষণা কৰা অনুসৰিয়েই এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিব। উল্লেখযোগ্য যে মুখমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আজি জনতা ভৱনত নিযুক্তি সম্পৰ্কীয় এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰদানৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিজ্ঞাপন দিয়া অনুসৰি সকলো পদতে যাতে নিযুক্তি দিব পৰা যায় তাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। জানিব পৰা মতে, ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি আয়োজন কৰিবলগীয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। অহা ১১ এপ্ৰিলত গুৱাহাটীত উক্ত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সেয়েহে কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকী উপস্থিত থাকিবলগীয়া উক্ত অনুষ্ঠানতে যাতে চাকৰি প্ৰাৰ্থীসকলক নিযুক্তি- পত্ৰ প্ৰদান প্ৰদান কৰিব পৰা যায় তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰখন।

উল্লেখ্য যে চৰকাৰে যোৱা ২ এপ্ৰিলত কেবিনেট সিদ্ধান্ত লৈ ঘোষণা কৰিছিল যে অহা ৬ মে’ত ৫১,৩৯৭ টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ’ব। তথ্য অনুসৰি আৰক্ষী বিভাগৰ ৫,৭৩০টা, স্বাস্থ্য বিভাগৰ ৫,৭৯৯টা, শিক্ষা বিভাগৰ ১৪,২৪১টা আৰু নিযুক্তি আয়োগৰ জৰিয়তে তৃতীয় বৰ্গৰ ১১,৩৪৬ টা আৰু চতুৰ্থ বৰ্গৰ ১৪,২৮ৰ টা পদৰ ফলাফল ঘোষণা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply