গুৱাহাটী : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত এতিয়া প্ৰাকৃতিক দুৰ্যোগে প্ৰলয়ৰ সৃষ্টি কৰিছে। এই দুৰ্যোগৰ সময়ত আৰ্তজনক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্যন চমুকৈ ‘এৰিডা’। বিশেষকৈ গুৱাহাটী মহানগৰীত কৃত্রিম বানৰ কবলত পৰা লোকসকলৰ মাজত আহাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে এৰিডাই।

শনিবাৰৰ পৰা এৰিডাই ভ্ৰাম্যমাণ গৰম আহাৰ বিতৰণৰ ব্যৱস্থা কৰিছে। এৰিডাই সামাজিক দায়বদ্ধতাৰ অংশ স্বৰূপে গুৱাহাটীৰ বানপীড়িত লোকসকলৰ বাবে গৰম আহাৰ বিতৰণৰ ভ্ৰাম্যমান শিবিৰ আৰম্ভ কৰিছে। লায়ন্স ক্লাবৰ সহযোগত আয়োজন কৰা এই শিবিৰৰ বাবে ভ্ৰাম্যমাণ খাদ্য প্ৰস্তুত কৰাৰ বাহন প্ৰদান কৰিছে লায়ন্স ক্লাবে।

এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীসকলৰ মাজত খাদ্য বিতৰণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। চাফাই কৰ্মীসকলে বিৰামহীনভাৱে প্ৰ‍ায়ে সময়ত আহাৰ গ্ৰহণ নকৰাকৈ গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিয়োজিত হৈ থাকে। য‍াৰ বাবে আজিৰ এই কাৰ্যসূচী চাফাই কৰ্মীসকলৰ যোগেদি আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক –  ভৱানীপুৰত বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই

এই পদক্ষেপ অনাগত দিনবোৰত অব্যাহত থাকিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বানপানী অঞ্চলসমূহ এই কাৰ্যসূচীৰ দ্বাৰা সামৰি লোৱা হ’ব। শনিবাৰে বৰ্ষাপাৰকে ধৰি কৃত্রিম বানৰ কবলত পৰা কেইবাটাও অঞ্চলৰ ৰাইজৰ মাজত আহাৰ দিয়া হয়। এৰিডাৰ এই কাৰ্যসূচীত পৌৰ নিগমৰ ২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰীয়ে অংশ গ্ৰহণ কৰে। তেওঁ এৰিডাৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply