গুৱাহাটী: সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰাৰ ইংগিত দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

আজি গুৱাহাটীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান কৰি কয় যে অসমত বৰ্তমান আইন শৃংখলা পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি মন্তব্য কৰে।

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ৰাজ্যখনৰ বেছিভাগ সশস্ত্ৰ বিদ্ৰোহী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে বুলি কয়।

তেওঁ কয়, ‘’সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন ২৩ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে আৰু এখন জিলাত আইখন আংশিকভাৱে আছে। মই নিশ্চিত যে শীঘ্ৰে গোটেই ৰাজ্যখনৰ পৰা আইখন প্ৰত্যাহাৰ কৰা হ’ব।’’

ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো গৌৰৱৰ কথা বুলি উল্লেখ কৰি গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে সকলো দিশৰ পৰা অসম আৰক্ষী ৰাষ্ট্ৰপতি নিচানৰ বাবে যোগ্য। দেশৰ ভিতৰতে অসম আৰক্ষীয়ে উচ্চ স্থান পাবলৈ সক্ষম হৈছে।

লগতে পঢ়ক – সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকৰ কে এল অ’ত যোগদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply