নিউজ ডেস্ক- অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ’ব সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ চমুকৈ AFSPA । চলিত বৰ্ষৰ শেষৰ ফালৰ পৰা এই আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লোৱা হৈছে। দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সশস্ত্ৰ আৰক্ষী কমাণ্ডেণ্টৰ সন্মিলনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কালি মুখ্যমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত কমাণ্ডেণ্টসকলৰ প্ৰথমখন সন্মিলনত অংশগ্ৰহণ কৰে। তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ পৰিস্থিতিৰ নিৰন্তৰ উন্নতিৰ লগে লগে চলিত বৰ্ষৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যৰ পৰা AFSPA উঠাই লোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আইন অনুসৰি যিমানখিনি কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ উপস্থিতি ৰাজ্যত বাধ্যতামূলক তাৰ বাহিৰে চিএপিএফৰ ঠাইত অসম আৰক্ষীৰ বেটেলিয়নক ক্ষমতা প্ৰদান কৰা হ’ব।
উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কমাণ্ডেণ্ট আৰু অসম আৰক্ষী বেটেলিয়নে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি ছয় মাহত সন্মিলনখন অনুষ্ঠিত কৰা হ’ব। অসম আৰক্ষীৰ বেটেলিয়নসমূহক তেওঁলোকৰ আদেশ পূৰণ কৰিবলৈ সক্ষম সক্ৰিয় সংস্থালৈ ৰূপান্তৰ কৰাত সহায় কৰিবলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে কেন্দ্ৰই বিগত বৰ্ষত সমগ্ৰ অসমৰ পৰা AFSPA ৰ অধীনৰ অশান্ত অঞ্চলসমূহৰ অধিসূচনা আঁতৰাই দিছিল, কিন্তু এতিয়াও প্রায় ৯ খন জিলা আৰু আন এখন জিলাৰ এটা অঞ্চলত এই আইন বলবৎ হৈ আছে।