নিউজ ডেস্ক: মহানগৰীত শাম কটা নাই জলবিস্ফোৰণ। খাৰঘূলিৰ পিছত এইবাৰ মালিগাঁৱত ফুটিল জাইকাৰ পানীৰ পাইপ। নিমিষতে জলমগ্ন হৈ পৰিল সমগ্ৰ মালিগাঁও চাৰিআলি অঞ্চল।

জালুকবাৰী থানাৰ সমীপত নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ তলত পানীৰ পাইপ ফুটি সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰে। ইয়াৰ ফলত বহু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

উল্লেখ্য যে যোৱা ২৫ মে’ত মহানগৰীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ ফুটি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। উক্ত ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ উপৰিও কেইবাজনো লোক আহত হৈছিল। ক্ষতিগ্ৰস্ত হৈছিল বহু ঘৰ–দুৱাৰ, যান–বাহন।

খাৰঘূলিৰ সেই ঘটনাৰ তিনিদিনৰ পিছতে মালিগাঁৱত পুনৰ জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এনে ঘটনাত ক্ষুব্ধ হৈ পৰে মহানগৰীবাসী।

মহানগৰীত বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ ২০০৯ চনত আৰম্ভ কৰা গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিসংগতিপূৰ্ণ কামৰ বাবে জল সন্ত্ৰাসৰ বলি হ’বলগীয়া হৈছে মহানগৰীৰ বাসিন্দা। জাইকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই সম্পূৰ্ণ হৈ নুঠা এই প্ৰকল্পটো এতিয়া মহানগৰীৰ লোকৰ বাবে যেন আতংকৰ কাৰণ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply