নিউজ ডেস্ক: মণিপুৰৰ পিছত এইবাৰ উত্তপ্ত পৰিস্থিতি মেঘালয়ত। বৃহস্পতিবাৰে সন্ধিয়া শ্বিলঙত হোৱা সংঘৰ্ষৰ ফলত কুকি আৰু মেইটেইৰ প্ৰায় ১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।
পূব খাচী হিলছৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, মণিপুৰত কুকি আৰু মেইটেইছৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত শ্বিলঙৰ নংৰিম হিলছত দুটা গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এটা সম্প্ৰদায়ৰ দুজন ব্যক্তিক আন এটা সম্প্ৰদায়ৰ লোকে মাৰধৰ কৰা অৱস্থাত উদ্ধাৰ কৰে।
নংটংগাৰে কয় যে পৰিস্থিতি অধিক অৱনতি ঘটাৰ পৰা ৰক্ষা কৰিবলৈ পূব খাচী হিলছ আৰক্ষীয়ে চি আৰ পি চিৰ ১০৭ ধাৰাৰ অধীনত দুয়োটা সম্প্ৰদায়ৰ ১৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। লগতে মহানগৰীখনৰ শান্তি ক্ষতিগ্ৰস্ত কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।
অজনজাতীয় মেইটেইসকলে অনুসূচিত জনজাতি(এছ টি) মৰ্যাদা লাভ কৰাৰ দাবীৰ প্ৰতিবাদত বুধবাৰে সদৌ জনজাতীয় সন্থা মণিপুৰে চুৰাচান্দপুৰ জিলাৰ তৰবাং অঞ্চলত উলিওৱা সমদলৰ পিছতে মণিপুৰৰ কেইবাখনো জিলাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।