নিউজ ডেস্ক: মহিলা মল্লযোদ্ধা খেলুৱৈসকলে ডব্লিউএফআইৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত যন্তৰ মন্তৰত প্ৰতিবাদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। আজি এই প্ৰতিবাদৰ ৭মটো দিন। আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পুৱা ৭.৪৫ বজাত যন্তৰ মন্তৰত উপস্থিতিৰ পিছতেই আবেলি ৪ বজাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো উপস্থিত হয়।
মল্লযোদ্ধাসকলক লগ কৰিবলৈ অহা কেজৰিৱালে সমগ্ৰ দেশবাসীক আহ্বান জনাই যে, মানুহে ছুটি ল’ব লাগে আৰু মল্লযোদ্ধাসকলক সমৰ্থন কৰিবলৈ ইয়ালৈ আহিব লাগে। তেওঁ লগতে কয়, প্ৰায় এসপ্তাহ ধৰি দেশৰ মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰি আহিছে কাৰণ বিজেপিৰ বাহুবলী নেতাই কন্যাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। যিসকলে যিকোনো ভগ্নী আৰু কন্যাক দুব্যৱহাৰ কৰে তেওঁলোকক লগে লগেই ফাঁচী দিয়া উচিত। কিন্তু এইটো অতি দুখজনক যে দেশক গৌৰৱান্বিত কৰা কন্যা সকলে এতিয়া ন্যায়ৰ বাবে যুঁজ দিব লগা হৈছে।
কেজৰিৱালে মল্লযোদ্ধাসকলক উৎসাহিত কৰি কয় যে, যিয়ে দেশক ভাল পায় তেনেলোক আপোলোকৰ সৈতে থিয় দিছে। যিসকলে আমাৰ দেশক অলিম্পিকত অগ্ৰগতি কৰা আৰু ক্ৰীড়াত উৎকৃষ্ট হোৱাটো বিচাৰে তেনেলোক এই মল্লযোদ্ধাসকলৰ সৈতে আছে।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পুৱাই মল্লযোদ্ধাৰ প্ৰতিবাদস্থলীত উপস্থিত
আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী পুৱা ৭.৪৫ বজাত যন্তৰ মন্তৰত উপস্থিত হয়। আৰু তেওঁ কয়, “আমি এতিয়ালৈকে এজাহাৰৰ প্ৰতিলিপি পোৱা নাই। প্ৰশ্নটো হ’ল চৰকাৰে ব্ৰিজ ভূষণক কিয় সুৰক্ষা দি আছে”।

প্ৰিয়ংকা গান্ধীয়ে বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াৰ সৈতে প্ৰতিবাদস্থলীতেই বহি কথা পাতে। তেওঁ প্ৰতিবাদস্থলীত প্ৰায় ৫০ মিনিট কথা পতা দেখা যায়। কথা পাতি থাকোতে বিনেশ আৰু সাক্ষী আৱেগিক হৈ পৰিছিল। প্ৰিয়ংকাই বিনেশক তাইৰ মূৰত হাত ৰাখি সান্ত্বনা দিয়াও দেখা যায়। আগলৈ পঢ়ক….