নিউজ ডেস্ক: সোমবাৰে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীক লোকসভাৰ সদস্যপদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। ২৯ এপ্ৰিল ২০২৩ তাৰিখে অপহৰণ আৰু হত্যাৰ গোচৰত উত্তৰ প্ৰদেশৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল আৰু লগতে চাৰি বছৰ কাৰাদণ্ড বিহিছিল। এই সন্দৰ্ভত কালি লোকসভাৰ সচিবালয়ৰ দ্বাৰা এটা জাননী জাৰী কৰা হয়।

জাননীত কোৱা হৈছে যে,দোষী সাব্যস্ত হোৱাৰ ফলস্বৰুপে সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু অনুচ্ছেদ ১০২(১)ৰ ধাৰাৰ অধীনত অযোগ্য ঘোষণা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply