নিউজ ডেস্ক : পুনৰ আৰক্ষীয়ে এগৰাকী মহিলাক ধর্ষণ কৰাৰ অভিযোগ। এগৰাকী জনজাতীয় মহিলাক এজন আৰক্ষী বিষয়াই ধর্ষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।
কিছুদিন পুর্বে উত্তৰ প্ৰদেশত ধৰ্ষণৰ এজাহাৰ দাখিল কৰিবলৈ যোৱা এগৰাকী কিশোৰীৰ ধর্ষণ কৰিছিল এজন আৰক্ষী বিষয়াই। এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই জঘন্য ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ এগৰাকী মহিলা এজন আৰক্ষী বিষয়াৰ কামনাৰ বালি হোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই জঘন্য ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ ঝালাৱাৰ জিলাত এজন সহকাৰী উপ-আৰক্ষী পৰিদৰ্শকৰ বিৰুদ্ধে এগৰাকী মহিলাক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সহকাৰী উপ-আৰক্ষী পৰিদৰ্শক জগদীশ প্ৰসাদে জনজাতীয় মহিলা গৰাকীক বনাঞ্চলত ধর্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে।
লগতে পঢ়ক – ৰফিকুল হকক বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব
মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে সহকাৰী উপ-আৰক্ষী পৰিদৰ্শক জগদীশ প্ৰসাদক চাকৰিৰ পৰা নিলম্বন কৰি গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই ৰাজস্থানৰ ঝালাৱাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।