গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহুক বিকৃত ৰূপত উপস্থাপনকলৈ বিহু কৃষ্টি পৰিষদ অসমৰ সংবাদ মেল। সংবাদমেল সম্বোধন কৰে পৰিষদৰ মুখপাত্ৰ ডঃ দীপেন দাস, উপদেষ্টা ভবেন দুৱৰী আৰু অভিনেত্ৰী মিনু বনিয়াই। বিহুক বিকৃত ৰূপত উপস্থাপনক তীব্ৰ গৰিহণা বিহু কৃষ্টি পৰিষদ অসমৰ।

মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানজনক আদৰিবলৈ পানাম বিমানবন্দত বিকৃত ৰূপত পৰিবেশন কৰা হৈছিল বিহু। বিহু নৃত্য, বাদ‍্য আৰু সাজ পাৰকলৈ এই বিতৰ্কৰ সূত্ৰপাতৰ সৃষ্টি হৈছে। ইয়াক দুৰ্ভাগ‍্যজনক আখ্যা দিছে বিহু কৃষ্টি পৰিষদ অসমে। ইয়াৰ তদন্তৰ আহ্বান জনাইছে চৰকাৰক। ইয়াত অসম চৰকাৰৰ অৱদান নাছিল বুলি জানিবলৈ দিয়ে বিহু কৃষ্টি পৰিষদ অসমে।

কোনোবা ইভেন্ট মেনেজমেণ্টে এই কাৰ্য সংঘটিত কৰিছিল বুলি কয় বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰ ডঃ দীপেন দাসে। এয়া এক অপৰাধ আখ‍্যা বিহু কৃষ্টি পৰিষদ অসমৰ মুখপাত্ৰ ডঃ দীপেন দাসৰ। দোষীক কঠোৰতকৈ শাস্তিৰ দাবী জনায় সংস্থাটোৱে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় ইয়াৰ বাবে জগৰীয়া নহয় বুলিও কয়। বিহু পাঠ‍্যপুথিত অন্তৰ্ভুক্তি হ’ব লাগে মন্তব্য কৰে মুখপাত্ৰ ডঃ দীপেন দাসে।

লগতে পঢ়ক – Commonwealth Games: ষষ্ঠ স্থানত ভাৰত, উত্তৰ-পূৰ্বাঞ্চলে কঢ়িয়াইছে গৌৰৱ

বিহুৰ পৰিবেশ‍্য উপস্থাপনৰ বাবে চেঞ্চৰ ব’ৰ্ড হ’ব লাগে বুলি দাবী জনায় মুখপাত্ৰ ডঃ দীপেন দাসে।বিহুত নাচনীয়ে কাঁহীৰ ব‍্যৱহাৰ কৰা অনুচিত, বিহুত জাকৈ, খালৈৰ ব‍্যৱহাৰো অনুচিত বুলি কয় মুখপাত্ৰ ডঃ দীপেন দাসে।সোমবাৰৰ অনুষ্ঠানত বিহুৰ আঠটা ভঙ্গীমাৰ এটাও উপস্থাপন হোৱা নাছিল বুলি মন্তব্য প্ৰকাশ কৰি বিহুৰ নামত বহুৱালী মুঠেই সহ‍্য কৰা নহ’ব বুলি সকিয়নী প্ৰদান কৰে বিহু কৃষ্টি পৰিষদ অসমে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply