অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে পুনৰ ৰাইজৰ মূৰত মাৰিলে ৰাম টাঙোন। চলিত বৰ্ষৰ অন্তিমটো সপ্তাহত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাছুল। ইতিমধ্যেই নতুন মিটাৰ সংযোগ কৰাৰ বাবে সংঘটিত হোৱা বিদ্যুৎ মাছুলৰ বিসংগতিৰ বাবে হাৰাশাস্তি ভুগিছিল ৰাইজে। সেই চাঞ্চল্য সম্পূৰ্ণ ৰূপে মাৰ নাযাওতেই পুনৰ এবাৰ বৃদ্ধি কৰা হ’ল বিদ্যুতৰ মাছুল।

উল্লেখ্য যে, যোৱা ৯ ডিছেম্বৰত বিদ্যুৎ বিতৰণ কোম্পানীয়ে জাৰি কৰিছিল মাছুল বৃদ্ধিৰ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি,  প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি পালে মাছুল।

আনহাতে, যি সময়ত হিতাধিকাৰী আঁচনিৰে ৰাজ্যবাসীক কৰ্মবিমুখ কৰি তুলিছে চৰকাৰে সেই একেই সময়ত দৈনন্দিন জীৱনত প্ৰয়োজনীয় সুবিধা সমূহৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যবাসীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply