গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত নিহত হৈছে এজন লোক। ইয়াৰ পূৰ্বে যোৱা ১৪ জুনত গুৱাহাটীত ভূমিস্খলনত নিহত হৈছিল ৪ জনকৈ লোক।
এফালে বানপানীৰ সংহাৰী ৰূপ আনফালে এটাৰ পিছত আনটো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ২৮ খনকৈ জিলা বাঢ়নী পানীৰ তলত ডুব গৈ থকাৰ লগতে সৃষ্টি হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
গুৱাহাটী মহানগৰীৰ নুনমাটিৰ ভবানীপুৰৰ মহাদেৱ পথত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত এজন লোক নিহত হৈছে। নিহত লোকজনৰ নাম প্ৰকাশ ডেকা বুলি জানিব পৰা গৈছে। গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চল সমূহৰ ৩৬৬ টা ঠাই ভূমিস্খলন প্ৰৱণ ঠাই বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক – কেন্দ্র চৰকাৰক তীব্ৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ
উল্লেখ্য যে নেৰা নেপেৰা বৰষুণৰ ফলত চলিত মাহত গুৱাহাটী মহানগৰীত কেইবাটাও সৰু-বৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যোৱা ১৪ জুনত মহানগৰীৰ বৰাগাঁৱত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত ৪ জনকৈ লোকৰ মৃত্যু হৈছিল। নিহত লোক কেইজন ৰাজ মিস্ত্ৰী কাম কৰিছিল।