গোসাইগাঁও : ৰাজ্যত পুনৰ ডাইনীৰ নামত হত্যা। এগৰাকী মহিলক হত্যা কৰা হ’ল ডাইনীৰ সন্দেহত। ঘটনাৰ লগত জড়িত তিনিজনক আটক।
কোকৰাঝাৰ জিলাৰ গোঁসাই গাঁৱত পুনৰ ডাইনীৰ নামত এগৰাকী মহিলাক হত্যা। দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। মহিলা গৰাকীক ঘৰৰ পৰা নি হত্যা কৰা হয়।
নিশা ১০ বজাত চাৰি জনীয়া দুৰ্বৃত্তৰ দল এটাই মহিলা গৰাকীক হত্যা কৰে। সোমবাৰে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। গোসাইগাৱঁৰ মোহনপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।
লগতে পঢ়ক – গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ পথত নিষেধাজ্ঞা
হত্যাৰ বলি হোৱা মহিলা গৰাকীৰ নাম অঞ্জলী মুৰ্মু বুলি জানিব পৰা গৈছে। ইতিমধ্যে তিনিজন হত্যাকাৰীক আৰক্ষীয়ে আটক কৰিছে। এজন বৰ্তমানেও পলাতক হৈ আছে।