গুৱাহাটী : পুনৰ ৰাজপথত নামিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।পুনৰ গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিলে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ শতাধিক কৰ্মকর্তা আৰু সমৰ্থকলৈ ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে।

মহানগৰীৰ গুৱাহাটীত ক্লাবত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে। হাতে হাতে বেনাৰ-পোষ্টাৰলৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে। মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, মোদী চৰকাৰৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ আদি শ্ল’গানেৰে গুৱাহাটী ক্লাবৰ আকাশ-বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক – ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই চি আৰ পি এফ জোৱানৰ আত্মহত্যা

প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ চলায়। অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ এইখন চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। নিৰ্বাচনৰ পূৰ্বে দিয়া কোনো এটা প্ৰতিশ্ৰুতি এই চৰকাৰখনে ৰক্ষা কৰা নাই। গতিকে ৰাইজ এতিয়া চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply