নিউজ ডেস্ক: সন্মুখত ২০২৪ ৰ লোকসভা নিৰ্বাচন। ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে ইতিমধ্যেই ঘোষণা কৰিছে ১৪ টাৰ ভিতৰত ১২ সমষ্টিত জিকিব বিজেপি মিত্ৰজোঁট চৰকাৰে। বিজেপি মিত্ৰজোঁটৰ মূল অংশীদাৰিত্ব থকা অসম গণ পৰিষদও যেন এতিয়া লাগি পৰিছে আগন্তুক লোকসভা নিৰ্বাচনৰ জয়ৰ প্ৰস্তুতিৰ বাবে।

যিকোনো প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে অসম গণ পৰিষদক অধিক শক্তিশালী কৰাৰ এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে অগপৰ নেতৃত্বৰ। কৰিমগঞ্জৰ দৰে আজি কাছাৰ জিলাৰ অসম গণ পৰিষদৰ সদস্য সকলৰ সৈতে বিশেষ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত, দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰয় লগতে অন্যান্য দলটোৰ বিষয়ববীয়া সকল।

সভাপতি অতুল বৰাই সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে, আমি দৃঢ় হৈছোঁ যে বৰাকৰ নীলিম আকাশত কৰ্মকৰ্তাসকলে অসম গণ পৰিষদৰ গৌৰৱ ধ্বজা অনাগত দিনবোৰত শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিব। প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে ঐক্যবদ্ধভাৱে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে নতুন প্ৰজন্মৰ হৃদয়লৈ অগপক লৈ যাব লাগিব, যাতে অসম গণ পৰিষদে সকলো নিৰ্বাচনী যুঁজতে হেলাৰঙে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়।

লগতে বৰাই কয়, অসমৰ বুকুত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। সেয়েহে শিলচৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত অগপৰ সাতোটা বিধান পৰিষদৰ কৰ্মকৰ্তাসকলক জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰি দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ আজিৰ সভাত আহ্বান জনালোঁ।

ইফালে দলটোৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত কয়, মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অগপ দলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক শক্তিশালী আঞ্চলিক শক্তি হিচাপে অৱস্থান কৰিছে । আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিৰোধীক নসাৎ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে আমি এতিয়াৰে পৰা তৎপৰ হ’ব লাগিব ৷ এই নিৰ্বাচন সমূহত মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে বৰাক উপত্যকাক শক্তিশালী দুৰ্গলৈ পৰিনত কৰিব পাৰো, তাৰবাবে তৃণমূল পৰ্যায়ৰ পৰাই দলটোক টনকিয়াল কৰিবলৈ আহ্বান জনাইছোঁ ৷ আমি আশা ৰাখিছোঁ, সমাগত নিৰ্বাচনত আমাৰ কৰ্মকৰ্তাসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত বৰাক উপত্যকাত মিত্ৰজোঁটৰ বিজয় ৰথে দুৰন্ত গতি লাভ কৰিব ।

উক্ত সন্মিলনত সভাপতি অতুল বৰা, কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত, দলটোৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰয় উপৰিও সাধাৰণ সম্পাদক তথা অগপৰ বৰাক উপত্যকাৰ তত্ত্বাৱধায়ক বিমলেন্দু সিনহা, উপ-সভাপতি তথা বৰাক উপত্যকাৰ তত্ত্বাৱধায়ক সুনীল ডেকা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আজি উপস্থিত থাকে।

লগতে পঢ়ক – দ্বিতীয়বাৰ বাবে ডায়মণ্ডত লীগত সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply