মৰিগাঁও : মঙলবাৰে ঘোষণা কৰা হয় ২০২২ বর্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। প্ৰতিবছৰৰ দৰে এইবাৰো বহু দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে বিশেষ কোনো সুবিধা নোহোৱাকৈ নিজৰ দক্ষতাৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তেনে এগৰাকী ছাত্ৰ হৈছে মৰিগাঁও জিলাৰ বিশাল পাটৰ।

অতিকৈ দুখীয়া ঘৰৰ ছাত্ৰ বিশাল পাটৰৰ সাফল্যত ছাত্ৰ গৰাকীৰ পিতৃ-মাতৃ লগতে ছাত্ৰ গৰাকীয়ে ওচৰ চুবুৰীয়া লোক উৎফুলটি হৈ পৰিছে। বিশাল পাটৰৰ পিতৃ এগৰাকী গাড়ী চালক। ক’ভিড পৰিস্থিতিৰ সময়ত পিতৃ কৰ্মসংস্থাপনহীন হৈ পৰাত বিশাল পাটৰ মোবাইলৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈছিল।

বিশাল পাটৰে আনকি বিভিন্ন সময়ত নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াব লগীয়া হৈছিল। বিশেষ কোনো ধৰণৰ সুবিধা লাভ নকৰাৰ পিছতো বিশাল পাটৰে হাই স্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। অসমীয়া আৰু ভূগোলত লেটাৰ নম্বৰসহ মুঠ ৭০ শতাংশ নম্বৰ লাভ কৰি মৰিগাঁও টাউন হাই স্কুলৰ পৰা বিশাল পাটৰ উত্তীৰ্ণ হৈছে।

লগতে পঢ়ক –  শিশু অপহৰণকাৰী তিনি অপৰাধীক ৬ বছৰৰ কাৰাদণ্ড

বিশাল পাটৰৰ এই সাফল্যৰ বাবে অসম গণ পৰিষদৰ দীপাংকৰ গগৈ ছাত্র গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক জাপি, চেলেং আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। দীপাংকৰ গগৈৰ আৰু তেওঁৰ সতীৰ্থ সকলে ছাত্ৰ গৰাকীক কিতাপৰ টোপোলাও আগবঢ়াই। ছাত্ৰ গৰাকীৰ উজ্বল ভৱিষ্যতৰ বাবে অন্য লোককো ছাত্ৰ গৰাকীক সহায়ৰ বাবে আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply