মানকাচৰ : ৰাজ্য বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বহু লোক আশ্ৰয় শিবিৰত আছে। এতিয়াও ৰাজ্যৰ বান প্ৰভাৱিত জিলা সমূহৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ডুব গৈ আছে বাঢ়নী পানীৰ তলত। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰো হাজাৰ হাজাৰ বিঘা কৃষি ভূমি পানীৰ তলত আছে।
চুবুৰীয়া ৰাজ্য মেঘালয়ত হোৱা বৰষুণৰ ফলত জিলাখনৰ মানকাচৰৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আজিও মানকাচৰৰ ঠায়ে ঠায়ে অপৰিবৰ্তিত হৈ আছে কৃত্ৰিম বানৰ পৰিস্থিতি। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকৰ জনজীৱনত বিশেষ প্ৰভাৱ নপৰিলেও জিলাখনৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি বিগত প্ৰায় এটা সপ্তাহে পানীৰ তলত ডুব হৈ আছে।
কৃত্ৰিম বানৰ ফলত এইবাৰ মানকাচৰৰ কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈছে। বিশেষকৈ ধান খেতি কৰা কৃষক সকলৰ কৃষি ভূমি পানীৰ তলত ডুব যোৱাত ধান খেতি নষ্ট হৈ কৃষক সকলৰ মাজত হাহাকাৰ লাগিছে। একেদৰে মাকৈ, মৰাপাট, পাচলি খেতি পথৰ কৃত্ৰিম বানৰ পানীয়ে জলমগ্ন কৰাত কৃষক সকল ক্ষতিগ্ৰস্থ হৈছে। পাচলি খেতি নষ্ট হোৱাত মানকাচৰত বৰ্তমান পাচলিৰ দাম বৃদ্ধি পাবলৈ ধৰিছে।
মেঘালয়ৰ লগতে জিলাখনত বৰষুণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হোৱা ঠাই সমূহৰ পৰা পানী ওলোৱাৰ কোনো নলা-নৰ্দমা নথকাত আজিও বহু এলেকা জলমগ্ন হৈ আছে। জিলাখনৰ বিশেষকৈ পানকাটা, বাঘাপাৰা, কালাপানী, কুকুৰমাৰা, মানুল্ল্যাপাৰা, ধানুৱা, কঠালবাৰী, কুছনিমাৰা, পাথুৰীয়া, ঝালোৰচৰ গাঁও পঞ্চায়ত এলেকাৰ প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ কৃষি ভূমি পানীয়ে জলমগ্ন কৰি ৰাখিছে।
লগতে পঢ়ক – চাকৰি! ইণ্ডিয়ান বেংকত ৩ শতাধিক পদত নিযুক্তি সৃষ্টি
এবুকু পানীৰ মাজৰ পৰা কৃষক সকলে ধান কাটিবলৈ আৰম্ভ কৰিছে যদিও মৰাপাট, মাকৈ, পাচলি খেতি পানীৰ তলত ডুব যোৱাত মৰাপাট, মাকৈ আৰু পাচলি নষ্ট হ’বলৈ ধৰিছে। আনহাতে মেঘালয়ত বৰষুণ হ’লেই জিলাখনৰ অসম-মেঘালয় সীমান্তবৰ্তী ধানুৱা গাঁও পঞ্চায়ত এলেকাৰ ৰামভোলা পাৰাত গাৰো পাহাৰৰ পৰা পানীৰ ধল নামি আহি সাধাৰণ লোকৰ জনজীৱন ব্যহত কৰি তোলে। ইতিমধ্যে কেবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰত পানীৰ ধলে বিস্তৰ ক্ষতি সাধৰণ কৰিছে।