নিউজ ডেস্কঃ টাটা গ্ৰুপে ভাৰত চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ সম্পূৰ্ণ শ্বেয়াৰ লাভ কৰাৰ পিচতে যেন প্ৰতিষ্ঠানটোৰ পুনৰুত্থান বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। টাটা গ্ৰুপক মানুহে যেনেদৰে বিচাৰে সদায় তেনেদৰে কৰিবলৈ চেষ্টা কৰি আহিছে। যাৰ বাবে টাটা গ্ৰুপক লৈ সকলো ভাৰতীয়ই সদায় গৌৰৱবোধ কৰে।

বিগত ৬ মাহত ৩,৮০০ তকৈ অধিক কৰ্মচাৰী নিয়োগ কৰা হৈছে এয়াৰ ইণ্ডিয়াত। এই তথ্য বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰে। এই নিয়োগৰ ভিতৰত আছে ক্রু আৰু অন্যান্য দায়িত্বভাৰৰ বিষয়ববীয়া।

যোৱা বছৰৰ জানুৱাৰীত টাটা গ্রুপে অধিগ্ৰহণ কৰা এয়াৰ ইণ্ডিয়াৰ তথ্য-প্ৰযুক্তিৰ ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে ইতিমধ্যেই ২০০ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰিছে।

শেহতীয়াকৈ টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াত নতুনকৈ বিমান সংযোজন কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংক আৰু বেংক অব্ বৰোডাৰ পৰাও সংগ্ৰহ কৰিছে ১৪ হেজাৰ কোটি টকাৰ ঋণ। য’ত ১৬ বছৰৰ পিছত বিমান কোম্পানীটোৱে অত্যাধুনিক নতুন ৪৭০ খন বিমান কিনিবলৈ গৈ আছে।

লগতে, এয়াৰ ইণ্ডিয়াই বৃহস্পতিবাৰে প্ৰতিষ্ঠানটোৰ ৫ বছৰীয়া ৰূপান্তৰৰ পৰিকল্পনাৰ অংশ হিচাপে ২৯ তকৈ অধিক নতুন আঁচনি মুকলি কৰিছে।

উল্লেখযোগ্য যে, এয়াৰ ইণ্ডিয়াই ভিয়ান ডট এ আই শীর্ষক ৰূপান্তৰৰ পৰিকল্পনাৰ অধীনত প্ৰথম পৰ্যায়ত টেক্সি নামৰ এক বিশেষ আঁচনি মুকলি কৰিছে। ইয়াৰ অধীনত প্ৰতিষ্ঠানটো ভৱিষ্যতৰ বিকাশৰ ভেটি স্থাপন কৰা হৈছে।

লগতে পঢ়ক – পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰিব ‘অপাৰেচন অল আউট’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply