নিউজ ডেস্ক: কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ হিচাপে খ্যাত বিখ্যাত কম্পিউটাৰ বিজ্ঞানী জিঅ’ফ্রী হিণ্টনে শেহতীয়কৈ গুগলৰ পৰা পদত্যাগ কৰিছে।

কিছুদিনৰ পূৰ্বে বিজ্ঞানী জিঅ’ফ্রী হিণ্টনে “দ্য নিউয়ৰ্ক টাইমছ” কাকতৰ সৈতে হোৱা সাক্ষাৎত ভৱিষ্যতে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিয়ে সৃষ্টি কৰিব পৰা বিপদ সন্দৰ্ভত নিজা মত ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে, কৃত্ৰিম বুদ্ধিমত্তা বহু কাম নিজাববীয়াকৈ কৰিব পৰা আজিৰ দিনত ক্ষমতা ৰাখিছে। ই এনে এক ক্ষমতা যিয়ে মানুহৰ বুদ্ধিমত্তাকো পিছ পেলাইছে। যাৰ বাবে অনাগত দিনত বিভিন্ন সংস্থাৰ পৰা মানুহক চাকৰিৰ পৰা অপসাৰণ কৰা বৃদ্ধি পাব পাৰে।

তাৰ পিছতেই তেওঁ গুগলৰ পৰা পদত্যাগ কৰে। তেওঁ এক টুইট যোগে লিখে যে, “মই গুগল এৰিলোঁ যাতে মই কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা বিপদৰ বিষয়ে মুক্তভাৱে ক’ব পাৰো। গুগলত ইয়াৰ প্ৰভাৱ নপৰিবলৈ মই কোম্পানীটোৰ পৰা পদত্যাগ কৰিলোঁ। কিন্তু মই স্বীকাৰ কৰিব লাগিব যে গুগলে এ আই ব্যৱহাৰৰ ক্ষেত্ৰত অতি দায়িত্বশীলভাৱে কাম কৰিছে।”

উল্লেখ্য যে, হিণ্টনে এ আই ছিষ্টেমৰ মূল ভেটি স্থাপন কৰিছিল, যাৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত সৃষ্টি হৈছিল ChatGTP দৰে অত্যাধুনিক কৃত্রিম বুদ্ধিমত্তাসম্পন্ন Chatbot।

লগতে পঢ়ক – অভায়াপুৰীত ১১৭ নং বেটছৰ নৱ নিৰ্বাচিত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ, উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply