বিলাসীপাৰা : আম আদমি পাৰ্টীত যোগদান এআইইউডিএফ আৰু কংগ্ৰেছ কৰ্মীৰ। আম আদমি পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ শতাধিক এআইইউডিএফ আৰু কংগ্ৰেছ কৰ্মীৰ যোগদান। আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য।
অসমৰ ৰাজনীতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালৰ দল আম আদমি পাৰ্টিয়ে ইতিমধ্যে ভুমুকি মাৰিছে। দলটোৱে এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৩৯ টাকৈ ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত দলটোৱে কিমান সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব, ইয়াৰ উত্তৰ ২৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে পৰিলক্ষিত হ’ব। ইয়াৰ মাজতে কিন্তু অসমৰ ৰাইজ দলটোৰ প্ৰতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। শনিবাৰে ইয়াৰ এক প্ৰমাণ পোৱা গ’ল ধুবুৰী জিলাৰ বিলাসীপাৰাত।
লগতে পঢ়ক – গোৰেশ্বৰৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত স্বাস্থ্য মেলা
আম আদমি পাৰ্টীৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এক গণ যোগদান কাৰ্যসূচীত শতাধিক এআইইউডিএফ আৰু কংগ্ৰেছ কৰ্মীয়ে দলটোত যোগদান কৰে। বিলাসীপাৰা ডঃ বি আৰ আন্বেদকাৰ ভৱনত গণ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় অধিবক্তা মমিনুল ইছলামৰ নেতৃত্বত। আগন্তক বিধনাসভা নিৰ্বাচনৰ পূৰ্বে দলটোৱে অসমত নিজৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে।